ৰামকৃষ্ণ পৰহংস
ৰামকৃষ্ণ পৰমহংস আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথোঁ ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন।
Ramakrishna ৰামকৃষ্ণ পৰমহংস | |
---|---|
দক্ষিণেশ্বৰত ৰামকৃষ্ণ পৰমহংস | |
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৮৩৬ |
প্ৰকৃত নাম | গদাধৰ চট্টোপাধ্যায় |
উপাধি/সন্মান | পৰমহংস |
গুৰু | ভৈৰবী ব্ৰাহ্মণী, তোতাপুৰী, গোবিন্দ ৰায় |
দৰ্শন | অদ্বৈত বেদান্ত, ভক্তি |
ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেওঁৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল। আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেওৰ পথ প্ৰদৰ্শক। তেওঁ ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল। ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উছৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ। তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে। |
Comments
Post a Comment