searching for Truth

Searching For Truth......

"আমাৰ মনৰ চিন্তা ভাৱনা ,ভাল লগা বেয়া লগা সময় আহে আৰু যায়, কিন্তু আপুনি সদায়ে থাকে। ই চিনেমাৰ দৰে। চিনেমাৰ পৰ্দাখন সদায় থাকে কিন্তু পৰ্দাত কেইবাবিধো ছবি দেখা দিয়ে আৰু তাৰ পিছত নোহোৱা হৈ যায়। পৰ্দাত একো লাগি নাথাকে, কিয়নো  চিনেমাৰ পৰ্দাখনহে কেৱল সত্য,  তাত অহা যোৱা কৰি থকা ছবিবোৰ নহয়।"  একেদৰে আপুনি মনৰ সকলো অৱস্থাতে নিজৰ আত্মা হৈয়ে থাকে।যদি আপুনি সেইটো জানে, তেন্তে কোনো পৰিস্তিতিতে মনৰ অৱস্থাই আপোনাক অসুবিধা নিদিয়ে, ঠিক যেনেকৈ পৰ্দাত দেখা দিয়া ছবিবোৰ ইয়াৰ লগত লাগি নাথাকে।, ঠিক একেদৰে জাগ্ৰত, সপোন আৰু টোপনিৰ সময়ত ঘটা কথাবোৰে আপোনাক একেবাৰেই প্ৰভাৱিত নকৰে; কিয়নো আপুনি চিৰবিদ্যমান নিজৰ আত্মা হৈয়েই থাকে।"

 #Nipulgogoispirituality

Comments

Popular Posts